চৰকাৰী চাকৰিঃ ১৯৪০ টা পদৰ বাবে মেট্ৰিক পাছ উত্তীৰ্ণসকলে কৰিব পাৰিব ডাক বিভাগ ত অনলাইন আবেদন

ভাৰত চৰকাৰৰ ডাক বিভাগ (বি আৰ চাৰকোল)  চমুকৈ Indian Post ত ১৯৪০ টা নতুন পদত নিষুক্তি দিবৰ বাবে আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা অনলাইন আবেদন বিচাৰি বিভাগীয় কত্তৃপক্ষই অফিচিয়েল বিজ্ঞাপন প্ৰকাশ কৰিছে৷ তলত বিজ্ঞাপনৰ চমু আৰু গুৰুত্বপূৰ্ণ তথ্য যেনে পদসমূহৰ নাম, শিক্ষাগত অৰ্হতা, বয়সৰ সময়সীমা, দৰমহা, ইণ্টাৰভিউৰ তাৰিখ তথা স্থান, কিদৰে আবেদন কৰিব লাগিব, আবেদন মাচুল আদিৰ বিষয়ে উল্লেখ কৰা হৈছে৷

 

indian-postal-recruitment

ডিপাৰ্টমেণ্ট ভাৰতীয় ডাক বিভাগ
পদৰ সংখ্যা ১৯৪০ টা
আবেদন প্ৰক্ৰিয়া অনলাইন
আবেদনৰ অন্তিম তাৰিখ ২৬-০৫-২০২১

পদৰ নামঃশাখা পোষ্টমাষ্টৰ, সহায়ক শাখা পোষ্টমাষ্টৰ , ডাক সেৱক

কাষ্ট অনুসৰি পদৰ সংখ্যাঃ

General & EWS ৯০৩ টা & ১৪৬ টা
OBC ৫১০ টা
SC & ST ২৯৪ টা & ৪৫ টা
PWD-A  & PWD- B ১২ টা ০৫ টা
PWD-C  & PWD- DE ২৩ টা & ০২ টা

 গুৰুত্বপূৰ্ণ তাৰিখসমূহ:

অনলাইন আবেদন দাখিলৰ আৰম্ভণি -২৭ এপ্ৰিল  ২০২১ ।

অনলাইন আবেদন দাখিলৰ অন্তিম তাৰিখ – ২৬ মে ২০২১ ।

বয়সৰ সময়সীমাঃ

আবেদনকাৰী প্ৰাৰ্থীৰ বয়স ২৭ এপ্ৰিল ২০২১ তাৰিখলৈকে ১৮ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত হ’ব লাগিব। লগতে ST/SC শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ৫ বছৰ আৰু OBC প্ৰাৰ্থীৰ বাবে ৩ বছৰৰ ৰেহাই ব্যৱস্থা থাকিব।

 

শিক্ষাগত অৰ্হতাঃ

এই পদৰ বাবে আবেদন কৰিব বিচৰা প্ৰাৰ্থীজন  মেট্ৰিক পাছ (Matriculation) সম্পূৰ্ণ কৰা হ’ব লাগিব, লগতে গণিত বিভাগত পাছ কৰা নম্বৰ থাকিব লাগিব আৰু ইংৰাজী  আৰু স্থানীয় ভাষা বিষয় হিচাপে পঢ়া হব লাগিব ।

প্ৰাৰ্থীজন স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা  কম্পিউটাৰৰ ডিপ্লোমা থাকিব লাগিব।

চাইকেল চলোৱাৰ ওপৰত জ্ঞান থাকিব লাগিব ।

স্থানীয় ভাষা (Hindi) ৰ ওপৰত জ্ঞান থাকিব লাগিব ।

আবেদন মাচুলঃ 

General(OC)/OBC ₹ ১00/- 
EWS Male/Trans-man Candidates ₹ ১00/- 
ST / SC নাই
Female/ Trans-woman নাই
PwD নাই

✅আবেদন কৰক ভাৰত চৰকাৰৰ ৭৫০০০ পদত

 

দৰমহাঃ 

শাখা পোষ্টমাষ্টৰ : প্ৰতিমাহে ১২,০০০/- টকাৰ পৰা ১৪,৫০০/- টকা ।

ডাক সেৱক & সহায়ক শাখা পোষ্টমাষ্টৰ : প্ৰতিমাহে ১০,০০০/- টকাৰ পৰা ১২,০০০/- টকা ।

নিৰ্বাচন প্ৰক্ৰিয়াঃ

আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা প্ৰাৰ্থীৰ আধাৰত নিয়ম অনুসৰি স্বচালিত জেনেৰট মেৰিট লিষ্ট অনুসৰি নিৰ্বাচন কৰা হব ।

কিদৰে আবেদন কৰিব লাগিব?

ইচ্ছুক তথা বিজ্ঞাপনত বিচৰামতে অৰ্হতা থকা প্ৰাৰ্থীয়ে অহা ২৬ মে ২০২১ তাৰিখৰ ভিতৰত অফিচিয়েল ৱেবছাইট https://appost.in/gdsonline/  ত গৈ অনলাইন আবেদন কৰিব পাৰিব। নাইবা তলৰ আৱশ্যকীয় লিংকত গৈও আবেদন কৰিব পাৰিব। শুদ্ধ তথ্যৰে আবেদন পত্ৰ পূৰণ কৰাৰ সময়ত এখন ডিজিটেল পাচপোৰ্ট চাইজৰ ফটো আৰু এটা ডিজিটেল স্বাক্ষৰ আপলোড কৰাৰ লগতে আবেদন মাচুল পে কৰিব লাগিব। আবেদন মাচুলসমূহ ডেবিট কাৰ্ড, নেট বেংকিং আদিৰ দ্বাৰা ও পে কৰিব পাৰিব ।

Join Our Whatsapp

বিজ্ঞাপনৰ বিৱৰণ – ইয়াত ক্লিক কৰক ।

অনলাইন এপ্লিকেচন  – ইয়াত ক্লিক কৰক

বিঃদ্ৰঃ আবেদনকাৰীসকলৈ বিনম্ৰ অনুৰোধ যাতে অনলাইন আবেদন কৰাৰ আগতে অফিচিয়েল নটিফিকেশ্ব তথা অনান্য নিয়মাৱলীসমূহ ভালদৰে পঢ়ি লয়। আমাৰ ৱেবছাইট কোনোধৰণৰ নিযুক্তিৰ লগত জঢ়িত নহয়, আমি মাথো নিয়োগ বাতৰিসমূহ আপোনালোকৰ সুবিধাৰ্থে বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰচাৰ তথা প্ৰকাশ কৰোঁ।

18 thoughts on “চৰকাৰী চাকৰিঃ ১৯৪০ টা পদৰ বাবে মেট্ৰিক পাছ উত্তীৰ্ণসকলে কৰিব পাৰিব ডাক বিভাগ ত অনলাইন আবেদন”

  1. My name is Sanu Tanti
    Qulifaction_h.s.pass.
    District -dibrugarh Assam
    P.o. Rajgarh pin code 786611
    address Sarojini t e . pless muk ata dibo moi but shai rolu
    B j p zidabad

Leave a Comment

Your email address will not be published. Required fields are marked *